এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
[ খণ্ড
কীৰ্ত্তন-ঘোষা
সুমৰিবে নাহি ইছা ডৰতে ভটকে মিছা
জানি তাৰো জিহ্বা বিন্ধে টানি।
যিবা থাকে মৌন হুই তাৰ গলে দেই জুই
কেনে নোবোলস হৰি-বাণী॥ ২৭
অৱজৰ নাই ৰাতি প্ৰতি ঘৰে ঘৰে মাতি
ফুৰে কটোৱাল বাটে-বাটে।
ফাকটে বজাৱে ভেৰী জাগ জাগ নিদ্ৰা এড়ি
হৰি বোল হৰি বোল ঝন্টে॥
ৰাজাৰ দণ্ডিত থাকি সুতল পুৰীক ঢাকি
নিৰন্তৰে কৰে হৰি-ঘোষ।
আন গৃহ-কৃত্য এড়ি হৰি বুলি পাৰে গেৰি
শুনি মিলে বলিৰ সন্তোষ॥ ২৮
পা ২৭॥ গলে - গালে। কেনে - কোনে।
২৮॥ অৱজয় - অৱসৰ। ফাকটে-ফাটকে, কটকে।