পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
১৮৩
বলি-ছলন


শুনিয়োক জ্ঞাতি-লোক  সৱে কৃপা কৰা মোক
 হৰি স্মৰি হুয়ো পৰিত্ৰাণ।
নুহি তেৱে পাইবা ফল এহি বুলি মহাবল
 ভকতিৰ পাতিলা দেৱান॥২৫

কোনে হৰি-কথা কৱে কোনে কৈতে নাম লৱে
 নিতে কৰে ওৱাচিল বাঙ্কি।
যাহাৰ পূৰে ভাই  তাহাৰা জীৱন নাই
 চিঙ্গি দিয়া মাৰে প্ৰাণ টাঙ্কি॥

ফুৰে পাইক ঘৰে ঘৰে সবংশকে বেড়ি ধৰে
 যাহাৰা নলৱে হৰি-নাম।
সৰ্ব্বস্ব আগ্ৰহি লৱে  জীয়ে মানে সাঞ্চ থৱে
 গলত লগাৱে বৰ চাম॥২৬

কীৰ্ত্তনত চিত্ত নেদি  গ্ৰাম্য কথা কৱে যদি
 তাহাৰ কাণত সূচি তাড়ে।
হৰি-ভকতিক এড়ি  হাসে উপহাস্য কৰি
 চৱৰতে তাৰ গাল ফাড়ে॥


পা পদ ২৬॥ ওৱাচিল—ওৱাসিল।  ভাই-তাই।
 যাহাৰা...তাহাৰ...তাহাৰ...তাহাৰ।
 চিঙ্গি-চেঙি,টেঙ্গি ৷ গলাত-গালত ৷ চাম-সাম