এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
[ খণ্ড ৯
কীৰ্ত্তন-ঘোষা
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ গৰুড়-কেতু ত্ৰাণ-হেতু
ৰাম তুমি নাৰায়ণ।
জানি লৈলো তোমাত শৰণ॥ ৪
পদ॥ এহিমতে চক্ৰে ধৰি কাটি মাৰি বশ্য কৰি
কতো দানৱক দিল আনি।
দৈত্যগণো ত্ৰাস হুয়া কাণ-মুণ্ড নলাড়িয়া
থাকিল বলিৰ বাক্য মানি॥
কৃপাময় দৈত্য-পতি শিক্ষা দেন্ত প্ৰতি প্ৰতি
শুনিয়োক সমস্তে দানৱ।
যিটো হৰি-কথা কৱে হৰি-নাম সদা লৱে
সিসে মোৰ পৰম বান্ধৱ॥ ২৪
কৰযোৰে বোলো হেৰা অসুৰ স্বভাৱ এড়া
হৰি-ভকতিত দিয়া চিত্ত।
মুখে হৰি-নাম স্মৰে হৃদয়ত ৰূপ ধৰে
তাহাৰ ভৃত্যৰো মঞি ভৃত্য॥
পা* ঘোষা ৪॥ ৰাম নিৰঞ্জন : নিৰঞ্জন : নিৰঞ্জন হৰি।
হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ৪