পৃষ্ঠা:Kirtan Ghosha.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৮১
বলি-ছলন


বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
 কহিতো নপাইল খুজি।
বলিৰ চৰণে পশিল শৰণে
 দুনাই সৱে মান্য বুজি॥ ২২

ভণিল শঙ্কৰে শুনা সৱ নৰে
 যতেক বিষয়-ভোগ।
পুত্ৰ দাৰা ধন শৰীৰ স্বজন
 সৱাৰ আছে বিয়োগ॥

তাৰ চিন্তা এড়ি চিন্তিয়োক হৰি
 অন্তকে পাইলেক পৰা।
এড়ি আন কাম বোলা ৰাম ৰাম
 সুখে ভৱ-নদী,তৰা॥ ২৩


পা ২২ ॥ মান্য় - মন।