পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
[ খণ্ড ৯
কীৰ্ত্তন-ঘোষা


চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ গৰুড়-কেতু ত্ৰাণ-হেতু
 ৰাম তুমি নাৰায়ণ।
 জানি লৈলো তোমাত শৰণ॥ ৪


পদ॥ এহিমতে চক্ৰে ধৰি  কাটি মাৰি বশ্য কৰি
 কতো দানৱক দিল আনি।
 দৈত্যগণো ত্ৰাস হুয়া  কাণ-মুণ্ড নলাড়িয়া
 থাকিল বলিৰ বাক্য মানি॥

 কৃপাময় দৈত্য-পতি  শিক্ষা দেন্ত প্ৰতি প্ৰতি
 শুনিয়োক সমস্তে দানৱ।
 যিটো হৰি-কথা কৱে  হৰি-নাম সদা লৱে
 সিসে মোৰ পৰম বান্ধৱ॥ ২৪

 কৰযোৰে বোলো হেৰা  অসুৰ স্বভাৱ এড়া
  হৰি-ভকতিত দিয়া চিত্ত।
 মুখে হৰি-নাম স্মৰে হৃদয়ত ৰূপ ধৰে
 তাহাৰ ভৃত্যৰো মঞি ভৃত্য॥


পা* ঘোষা ৪॥ ৰাম নিৰঞ্জন : নিৰঞ্জন : নিৰঞ্জন হৰি।

হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ৪