এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
[খণ্ড ৯
কীৰ্ত্তন-ঘোষা
কাৰো বুক ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱে গৃধ্ৰ শৃগাল।
অধৰ্ম্মে গ্ৰসিল তিলেকে নশিল
দৈত্য ভৈল বুন্দামাল॥ ২০
বিষ্ণুৰ চক্ৰৰ নভৈল ভাগৰ
হস্তী যেন মাৰে মাখি।
পুত্ৰ-ভাৰ্য্য়া এড়ি মৰো জীঞো কৰি
কতো পলায় প্ৰাণ ৰাখি॥
ই তিনি লোকত ভ্ৰময় ভয়ত
চক্ৰো পাছে পাছে ফুৰে।
হেৰা পাইলে বুলি মৰয় সমূলি
দানৱে দান্ত নুঘূৰে॥ ২১
ব্ৰহ্মাতো লাগিল শৰণ মাগিল
হাতে-দান্তে খেৰ তুলি।
চক্ৰক ডৰাই কেহো নেদে ঠাই
বলিৰ দ্ৰোহীয়া বুলি॥
পা ২০॥ তিলেকে---ক্ষণেকে। বুন্দামাল - বুন্দামাল্ল, বুন্দামাৰ।