পৃষ্ঠা:Kirtan Ghosha.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
[খণ্ড ৯
কীৰ্ত্তন-ঘোষা


কাৰো বুক ছিৰি তপত ৰুধিৰি
 ভুঞ্জাৱে গৃধ্ৰ শৃগাল।
অধৰ্ম্মে গ্ৰসিল তিলেকে নশিল
 দৈত্য ভৈল বুন্দামাল॥ ২০

বিষ্ণুৰ চক্ৰৰ নভৈল ভাগৰ
 হস্তী যেন মাৰে মাখি।
পুত্ৰ-ভাৰ্য্য়া এড়ি মৰো জীঞো কৰি
 কতো পলায় প্ৰাণ ৰাখি॥

ই তিনি লোকত ভ্ৰময় ভয়ত
 চক্ৰো পাছে পাছে ফুৰে।
হেৰা পাইলে বুলি মৰয় সমূলি
 দানৱে দান্ত নুঘূৰে॥ ২১

ব্ৰহ্মাতো লাগিল শৰণ মাগিল
 হাতে-দান্তে খেৰ তুলি।
চক্ৰক ডৰাই কেহো নেদে ঠাই
 বলিৰ দ্ৰোহীয়া বুলি॥


পা ২০॥ তিলেকে---ক্ষণেকে। বুন্দামাল - বুন্দামাল্ল, বুন্দামাৰ।