পৃষ্ঠা:Kirtan Ghosha.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৭৯
বলি-ছলন


তৃতীয় কীৰ্ত্তন

ঘোষা॥ ও হৰি দেহু দৰিশন শিৱ সনাতন
 তোমাৰ চৰণে ধৰো।
 তুৱা গুণ-নাম ছাৰি আন কাম
 কৰিয়া মিছাতে মৰো॥৩


পদ॥ দৈত্যৰ পুৰীত পশিল ত্বৰিত
 বাঘে যেন ধৰে খেদি।
 যত দ্ৰোহিয়াৰ ৰাখ নাহি তাৰ
 পেহলাৱে মাথাক ছেদি॥

 কাৰো নাক কাণ কৰে খান খান
 কাৰো কঙ্কালত কাটে।
 হাত ভৰি টিঙ্গি কৰয় চৌৰাঙ্গি
 পড়ি গেৰাগেৰি বাটে॥ ১৯

 কাৰো জিহ্বা আনি  কাটে টানি টানি
 ধৰি দুই চক্ষু কাঢ়ে।
 কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰে
 দৈত্যৰ লাগ নছাড়ে॥


পা ১৯॥ ৰাখ - ৰক্ষা। টিঙ্গি -টেঙ্গি।
 গেৰাগেৰি - গড়াগড়ি, গৰাগৰি।
 ২০॥ সাৰে-শাৰি।