এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৱম খণ্ড
বলি-ছলন
প্ৰথম কীৰ্ত্তন
ঘোষা॥বোলা ৰাম ৰাম ভাবিয়ো ৰাম ৰাম।
পৰম মধুৰ বাণী লৈতে অনুপাম॥১
পদ॥ শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
বামনৰ বাক্যে বলি সুতল-পুৰীত॥
নিয়মিলা দানৱক বিষ্ণু-ধৰ্ম্ম কই।
আপুনি থাকিলা পাছে মুখ্য গৃহ লই॥ ১
দিব্য ভোগ যতেক আপুনি লৱে লাগ।
বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ॥
এড়িলা বিষয়-ভোগ প্ৰহ্ৰাদৰ নাতি।
সদায় থাকন্ত দিব্য সভা এক পাতি॥ ২
মাধৱৰ চক্ৰে আসি ভৈল সভাসদ।
যাহাৰ ভয়ত দৈত্যগণ নিশবদ॥
প্ৰহ্ৰাদে কহন্তে শুনি থাকে কৃষ্ণ কথা।
দ্বাৰত আপুনি হৰি থাকন্ত সৰ্ব্বথা॥ ৩