পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭৪ কীৰ্ত্তন-ঘোষা শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জ্বল। কমল-লোচন চাৰু মকৰ কুণ্ডল। কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ুৰ। কটিত মেখলা পাদ-পঙ্কজে নূপুৰ॥ ৪ গাৱে পীত বস্ত্ৰ যেন আগনিৰ জ্বালা। আপাদ-লম্বিত গলে জ্বলে বনমালা। প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা। বলিৰ সম্মুখ হুয়া থাক সৰ্ব্বদা॥ ৫ হৰি-দশনত নিৰ্ম্মল তৈল মতি। কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি॥ ভৈলন্ত বিমুখ বলি বিষয়-সুখত। সদায়ে কৃষ্ণৰ নাম গুচে মুখত। ৬ উঠি কতো কীৰ্তন কৰন্ত তাল ধৰি। দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি। প্ৰাদে শিখান্ত গাৱে গোৱিন্দৰ গীত। পৰম আনন্দে দৈত্য-পতি কৰে নৃত্য | ৭ গোৱিন্দক দেখিয়া আনন্দে দ্ৰৱে চিত্ত। হৰিযে লোতক শ্ৰৱে তনু লোমাঞ্চিত। পা ৪. কমললোচন-কত জলস্ত।