পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱম ও বলি-দুলন ঘােষা। প্রথম কীর্তন বােলা ৰাম ৰাম ভাবিয়ে ৰাম ৰাম। পৰম মধুৰ বাণী লৈতে অনুপাম। শুক মুনি বােল শুনিয়াে পৰীক্ষিত। বামনৰ বাক্যে বলি সুতল-পুৰীত ॥ নিয়মিলা দানৱক বিষ্ণু-ধৰ্ম্ম কই। আপুনি থাকিলা পাছে মুখ্য গৃহ লই। ১ দিব্য ভােগ যতেক আপুনি লৱে লাগ। বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ । এড়িলা বিষয়-ভােগ প্রাদৰ নাতি। সদায় থাক দিব্য সভা এক পাতি। ২ মাধৱৰ চক্রে আসি ভৈল সভাসদ। যাহাৰ ভয়ত দৈত্যগণ নিশবদ। প্রাদে কহন্তে শুনি থাকে কৃষ্ণ কথা। দ্বাৰত আপুনি হৰি থাক সৰ্ব্বথা ॥ ৩