এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা
কৃষ্ণ কথা যিবা ভণে যিবা শুনে এক মনে
যমৰ ভাৱনা কৰে চুৰি।
পুৰুষ উদ্ধাৰ কৰি সংসাৰ-সাগৰে তৰি
অন্তকালে যায় বিষ্ণুপুৰী॥
শঙ্কৰে ৰচিল গীত আপুনাৰ চিন্তা হিত
শুনা সমজ্যাৰ যত জন।
এড়ি আলজাল কাম ডাকি বোলা ৰাম ৰাম
সমাপত মহেশ-মোহন॥ ৯৮
হৰমোহন সমাপ্ত॥৮॥