পৃষ্ঠা:Kirtan Ghosha.pdf/১৮২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১০] হমোহন ১৭১ নমাে নমাে দামােদৰ সংসাৰৰ বিদ্যি-হৰ ভকত-অভয়-দাতা দেৱ। ভাগৱত পদ ছবি ৰচিল শঙ্কৰ কবি কৃষ্ণৰ চৰণ কৰি সেৱ ৷ শুনিয়ােক সাধু লােক নিন্দা নুবুলিবা মােক যদি দেখা পদত দূষণ। আমি সমস্তৰে শিষ্য জানি কৰা বিমৰিষ মহন্তৰ ক্ষমাসে ভূষণ। ৯৬ কৃষ্ণে দিল যেন মতি যেন ৰড়ে সৰস্বতী বিৰচিলাে সেহি অভিপ্রায়। যতেক চটক দেখা যাৰ যেনমত পাখা তাৰ অনুৰূপেসে উড়ায় । শুনা সৰ্বজন তত্ত্ব ইটো মহাভাগৱত তিনিও লোেকত সাৰােৰ। যত মহাযজ্ঞ দান কোটি কোটি তীর্থ-স্নান কেহহা আৰ নপাৰে ওচৰ । ৯৭ পা ৯৬ | শিষ—সিশ, শিষ।