এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
[ খণ্ড ৮
কীৰ্ত্তন-ঘোষা
অকপটে যিটোজনে শুনে ভণে এক মনে
শুনিয়োক তাৰ যেন ফল।
খণ্ডয় চৌষষ্টি ৰোগ মিলে আসি যত ভোগ
মনোৰথ পূৰয় সকল॥
সমস্ত পাপকে বাধি আপুনাৰ মোক্ষ সাধি
এক কোটি পুৰুষ উদ্ধাৰে।
কহো মঞি স্বৰূপত নাহি সাৰ সংসাৰত
হৰি-কথা-শ্ৰৱণত পৰে॥ ৯৪
পৰীক্ষিত হেন জানি চিন্তিয়োক চক্ৰপাণি
হৰিৰ কথাত কৰা ৰতি।
সংহৰিয়ো আন কাম জপিয়ো হৰিৰ নাম
ইহ-পৰলোকে হৰি গতি॥
অশাশ্বত মৰ্ত্ত্য়-লোক জন্মৰ সফল হাোক
কৰিয়োক হৰিত ভকতি।
আৰ যেহি মানে লাগে পুছিয়োক মহাভাগে।
কহো কৃষ্ণ-কথাক সম্প্ৰতি॥ ৯৫
পা ৯৪॥ পাপকে বাধি—পাপৰে ব্যাধি।