এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৫
কান-ঘােষ
' [ খণ্ড ১৮
অকপটে যিটোজনে শুনে ভণে এক মনে
শুনিয়ােক তাৰ যেন ফল।
খণ্ডয় চৌষষ্টি ৰােগ মিলে আসি যত ভােগ
মনােৰথ পূৰয় সকল ॥
সমস্ত পাপকে বাধি
আপুনাৰ মােক্ষ সাধি
এক কোটি পুৰুষ উদ্ধাৰে ।
কহাে মঞি স্বৰূপত নাহি সাৰ সংসাৰত
হৰি-কথা-শ্ৰৱণত পৰে । ৯৪
পৰীক্ষিত হেন জানি চিন্তিয়ােক চক্রপাণি
হৰিৰ কথাত কৰা ৰতি।
সংহৰিয়াে আন কাম জপিয়াে হৰিৰ নাম
ইহ-পৰলােকে হৰি গতি।
অশাশ্বত ম-লােক
জন্মৰ সফল হাৈক
কৰিয়ােক হৰিত ভকতি।
আৰ যেহি মানে লাগে পুছিয়ােক মহাভাগে।
কহে কৃষ্ণ-কথা সম্প্রতি। ৯৫
পা ৯৪ ।
পাপকে বাধি—পাপৰে ব্যাধি।