পৃষ্ঠা:Kirtan Ghosha.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
১৬৯
হৰ-মোহন


আৱেসে জানিলো সাৰ  হৰি-ভকতিত পৰ
 নিস্তাৰ কৰন্তা আন নাই।
মিছাতেসে মূঢ়জনে  খপে আল-জাল-মনে
 হৰি-নামে মোক্ষ-পদ পাই॥

আৰ চিন্তা নাই মোৰ  তৰিবো সংসাৰ ঘোৰ
 কৌতুহলে হৰি-নাম-নাৱে।
এহি বুলি পাছে গৌৰী  হৰিত ভকতি কৰি
 থাকিলন্ত জগতৰ মাৱে॥ ৯২

শুক মুনি নিগদতি  শুনিয়োক কুৰুপতি
 কহিলোহো হৰিৰ চৰিত্ৰ।
কপট-যুৱতী-বেশে যেনমতে হৃষীকেশে
 মুহিলন্ত শঙ্কৰৰ চিত্ত॥

দৈত্যৰ মুহিয়া মন যেনমতে নাৰায়ণ
 ভুঞ্জাইল অমৃত দেৱতাক।
পুছিলা যতেক মানে  কহিলো তোমাৰ থানে
 সাৱশেষে কৃষ্ণৰ কথাক॥ ৯৩


পা পদ ৯২॥ হৰি-নাম-নাৰে।--হৰি বোলে মনে।
 জগতৰ মাৱে ॥—কতো দিনমানে॥