এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
১৬৭
হৰ-মোহন
কন্যাক ফুৰিলো খেদি গিৰি গুহা বন নদী
অনেক ঋষিৰ আশ্ৰমতে॥
নেদেখিলে কৈৰ লোক কোনে নহাসিলে মোক
লঘু হুইবে নথাকিল ঠাই।
এভো মোৰ কাম্পে হিয়া হেন জানা প্ৰাণ-প্ৰিয়া
হৰিৰ মায়াত বড়া নাই॥ ৮৮
যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ
হৰিত পৃথক কেহো নোহে।
যি জন ভকতি-হীন সি দেখে হৰিক ভিন্ন
হৰিৰ মায়ায়ে তাক মোহে॥
হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ
স্ৰজন্তা পালন্তা দেৱ হৰি।
হৰি-নাম হিয়ে ধৰি হৰি-নাম সদা স্মৰি
তেৱেসে হৰিৰ মায়া তৰি॥ ৮৯.
হেন জানি তুমি দেবী হৰিৰ চৰণ সেৱি
এড়া লোভ মোহ ক্ৰোধ কাম।
নকৰিয়ো জন্ম বৃথা শুনা সদা হৰি-কথা
কৰিয়ো কীৰ্ত্তন হৰি-নাম॥