পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ। হৰিৰ চৰণমনে চিন্তিয়ােক সর্বক্ষণে কৰিয়াে ভকতি ভালমতে। তেৱেসে সংসাৰ তৰি হৰিৰ প্ৰসাদে গৌৰী পাইবা মােক্ষ মােহােৰ লগতে। দশম কীর্তন ঘােষা। জয় কৃষ্ণ বােল নৰ মুখে। বৈকুণ্ঠে প্রয়াণ কৰ সুখে। পদ ॥ শঙ্কৰৰ হেন বাণী পার্বতী গােসানী শুনি আনন্দতে শিহৰাইলা গাৱ । উঠি কযােড়ে গৌৰী ফুৰি প্রদক্ষিণ কৰি নমিলা শিৱৰ দুই পাৱ । তুমি প্রভু সৰ্বজান দিলা মােক দিব্য জ্ঞান সার্থক তােমাৰ মঞ্জি জায়া। কিনাে ভাগ্যৱতী আমি তােমাৰ প্ৰসাদে স্বামী তৰিবাে দুস্তৰ ঘােৰ মায়া। ৯১ পা ঘােখা ১• | ৰাম ৰাম ৰঘুনাথ এ। ৰা-নাম চাড়ো মুখে।