পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
[ থণ্ড ৮
কীৰ্ত্তন-ঘোষা


মঞি জগতৰ পতি  মোৰ হেন ভৈল গতি
 আন কোনে থিৰ হৈবে আত।
হেন জানা স্বৰূপত চৰাচৰ আছে যত
 সৱে বন্দী বিষ্ণুৰ মায়াত॥

সহস্ৰ বৎসৰ মানে  আছিলোহো যোগ-ধ্যানে
 দেখি তুমি পুছিলা আমাক।
গাৱে ভস্ম জটা ধৰি  অনেক তপস্যা কৰি
 আউৰ তুমি আৰাধাহা কাক॥ ৮৬

এড়ি লোভ ক্ৰোধ কাম  কাহাৰ জপাহা নাম
 আৱৰ আছন্ত কোন দেব।
তোমাত কহিলো আমি  আছন্ত জগত-স্বামী
 সুৰাসুৰে যাক কৰে সেৱ॥

প্ৰত্যেকে দেখিলা আজি  যাহাৰ মায়াত বাজি
 মোহ হুয়া এড়িলোহো লাজ।
কাম-বাণে ভৈলো আউল চেঞ্চাই ফুৰো যেন বাউল
 হসুৱাইলো বৈকুণ্ঠ-সমাজ॥ ৮৭

কপট যুৱতী বেশে  মোহিলন্ত হৃষীকেশে
 পাসৰিলো তোমাক পাশতে।