পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ] কন্যাক ফুৰিলো খেদি গিৰি গুহা ন নদী অনেক ঋষিৰ আশ্ৰমতে। নেদেখিলে কৈৰ লোক কোনে নহাসিলে মোক লঘু হুইবেনথাকিল ঠাই। এভো মোৰ কাম্পে হিয়া হেন জানা প্ৰাণ-প্ৰিয়া হৰিৰ মায়াত বড়া নাই। ৮৮ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰিত পৃথক কেহো নোহে। যি জন ভকতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে॥ হৰিসে পৰম দেৰ হৰিকেসে কৰো সেৱ জন্তা পালা দেৱ হৰি। হৰিনাম হিয়ে ধৰি হৰিনাম সদা স্মৰি তেৱেসে হৰিৰ মায়া তৰি॥ ৮৯. হেন জানি তুমি দেবী হৰিৰ চৰণ সেৰি এড়া লোভ মোই ক্ৰোধ কম। নকৰিয়ে জন্ম বৃথা শুনা সদা হৰি-কথা কৰিয়ো কীৰ্ত্তন হৰিনাম: