এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
[ খণ্ড ৮
কীৰ্ত্তন-ঘোষা
চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি
সঘনে দৰশৈ কাম-ভাৱ॥ ৩০
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ-ছটা
লীলা-গতি দেখাই ফুৰে পাক।
সোলকে উচ্চল খোপা খসে পাৰিজাত-থোপা
বাম হাতে সম্বৰন্ত তাক॥
কৰ্ণত কুণ্ডল লৰে তন হলফল কৰে
গলে ৰত্ন-মালা ঝিকি পাৰে।
সুৱৰ্ণ কঙ্কণগণ সিও কৰে ৰুণঝুন
প্ৰকাশে হৃদয় হেম-হাৰে॥ ৩১
কণ্ঠে লুলে সাতসৰী লয়-লাসে কাঢ়ে ভৰি
আগ বাঢ়ি পাছ গুচি যান্ত।
পিন্ধি শাড়ী খোন্টাজালি যেনে মৈৰা কৰে ছালি
হৰক কটাক্ষ কৰি চান্ত॥
দৰশান্ত কাষ পৃষ্ঠি ক্ষণোহো সমুখ-দৃষ্টি
চাহি লাজে যান্ত চক্ষু মুদি।
পা ৩১॥ কৰন্ত কটাক্ষ ছটা - কটাক্ষে কৰন্ত ছণ্টা।
৩২॥ শাড়ী খোন্টাজালি—শাড়ী খোঁটাজালি, নেত ঘোন্টাজালি,
শাড়ী ফোণ্টাজালি।