পৃষ্ঠা:Kirtan Ghosha.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
১৪৯
হৰ-মোহন


চাৰিও পাৰত  দিব্য পুষ্প যত
 গন্ধে দশোদিশ ভাসে।
অনেক ভ্ৰমৰে  বেড়িয়া গুঞ্জৰে
 মধু-পান-অভিলাষে॥

যত দিব্য পক্ষী ফল-ফুল ভক্ষি
 কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি কোকিলৰ শুনি
 বহয় মলয়া বাৰ॥ ২৯

চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ এ হৰি নাৰায়ণ॥ ৪
পদ॥ হেন মহা দিব্য বুন দেখিলন্ত ত্ৰিনয়ন
 দিব্য কন্যা এক আছে তাতে।
 কোটি লক্ষ্মী সম নোহে  কটাক্ষে ত্ৰৈলোক্য মোহে
 ভণ্টা-খেৰি খেলে দুয়ো হাতে॥

 তপ্ত সুৱৰ্ণৰ সম জ্বলে দেহা নিৰুপম
 ললিত-বলিত হাত-পাৱ।


পা ৩০॥ দিব্য বন–উপবন।  সুৱৰ্ণৰ সম–সুৱৰ্ণৰ বৰ্ণ।