পৃষ্ঠা:Kirtan Ghosha.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
১৫১
হৰ-মোহন


ভ্ৰমন্ত অনেকভাৱে  উড়ুৱাৱে বস্ত্ৰ বাৱে
 উচ্চ কুচ-কুম্ভ হোৱে উদি॥ ৩২
কঙ্কালে কিঙ্কিণী বাজে চৰণ-কমল মাজে
 ৰত্নৰ নূপুৰ ৰুণঝুন।
হালে অতি মধ্য-দেহ  সংসাৰ-মোহিনী বেশ
 একো অঙ্গে নাহি খতি-খুণ॥

মুখ চন্দ্ৰ-সম শোভে  পদ্মৰ সুৰভি-লোভে
 বেঢ়ি মধুকৰে কৰে ৰোল।
শৰীৰৰ লাস-বেশ নেত্ৰৰ কটাক্ষ-ঠেস
 দেখি আতি শম্ভু ভৈলা ভোল॥ ৩৩

পূৰ্ব্ব শত্ৰু হেন জানি  কামদেৱে শৰ হানি
 মনক মৰ্দ্দিল মহেশ্বৰ।
নাহি শ্ৰুতি বুদ্ধি জ্ঞান  কামানলে শোষে প্ৰাণ
 লাজ-কাজ এড়িলা শঙ্কৰ॥

সৱে যোগ-ধ্যান গৈলা কন্যাক মাতিবে লৈলা
 প্ৰাণেশ্বৰী চাপ মোৰ পাশ।


পাঃ ৩২॥ কুচ-কুম্ভ -কুৎসস্তম্ভ।
 ৩৩॥ শৰীৰৰ লাস-বেশ-শৰীৰ লাৱণ্যবেশ।