এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
১৪৯
হৰ-মোহন
চাৰিও পাৰত দিব্য পুষ্প যত
গন্ধে দশোদিশ ভাসে।
অনেক ভ্ৰমৰে বেড়িয়া গুঞ্জৰে
মধু-পান-অভিলাষে॥
যত দিব্য পক্ষী ফল-ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলয়া বাৰ॥ ২৯
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ এ হৰি নাৰায়ণ॥ ৪
পদ॥ হেন মহা দিব্য বুন দেখিলন্ত ত্ৰিনয়ন
দিব্য কন্যা এক আছে তাতে।
কোটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা-খেৰি খেলে দুয়ো হাতে॥
তপ্ত সুৱৰ্ণৰ সম জ্বলে দেহা নিৰুপম
ললিত-বলিত হাত-পাৱ।
পা ৩০॥ দিব্য বন–উপবন। সুৱৰ্ণৰ সম–সুৱৰ্ণৰ বৰ্ণ।