এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
[ খণ্ড ৮
কীৰ্ত্তন-ঘোষা
মণি-মৰকত- থলী নানা মত
দীপ্তি কৰে তাৰ কাছে।
মহা মনোহৰ দীৰ্ঘি সৰোবৰ
তাৰ মাজে মাজে আছে॥
চাৰিও কাষৰে পৱাল বাখৰে
বান্ধিছে বিচিত্ৰ কৰি।
বৈদূৰ্য্যৰ বাট ফটিকৰ ঘাট
মৰকত-খাটখৰি॥ ২৭
সুৱৰ্ণ কমল ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি।
শোভে চক্ৰৱাক ৰাজহংস-জাক
মৃণাল ভুঞ্জে উভঞ্জি॥
কোণ্ঢা কঙ্ক বক বিবিধ চটক
ভ্ৰমন্ত নিৰ্ভয়ভাৱ।
অমৃত-সমান জুল কৰি পান
তেজে সুললিত ৰাৱ॥ ২৮
পা ২৭॥ দ্বীৰ্ঘি, দিব্য। কাষৰে - কাথৰে
২৮॥ ভ্ৰমন্ত-প্ৰমত্ত।