পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৪৭
হৰ-মোহন


শেৱালি নেৱালি  পলাশ পাৰলি
 পাৰিজাত যুতী জাই।
বকুল বন্দুলি  আছে ফুলি ফুলি
 তাৰো সীমা-সংখ্যা নাই॥

কনৌৰ কনাৰী  কদম্ব বাবৰি
 নাগেশ্বৰ সিংহচম্পা।
অশোক অপাৰ  দৱনা মন্দাৰ
 মণিৰাজ ৰাজচম্পা॥ ২৫

কুন্দ কুৰুবক  কেতকী টগৰ
 গন্ধে মোহে বহু দূৰ।
গুটিমালী ভেন্টি  ৰাঙ্গল ৰেৱতী
 মৰুৱা মই ধুস্তুৰ॥

চন্দন অগৰু  দিব্য কল্পতৰু
 দেৱদাৰু পদ্মবচি।
প্ৰতি গাছে গাছে  ভিণ্ডা বান্ধি আছে
 সুৱৰ্ণ-মাণিকে খচি॥ ২৬


পা পদ ২৫॥ কনৌৰ--কনৌজ।  সিংহচম্পা-সুনিচম্পা।
 দৱনা-দেৱনা।  ২৬॥ পদ্মবচি- পদ্মবসি।