এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
১৩৩
গজেন্দ্ৰোপাখ্যান
আম জাম লেবু জৰা জামীৰ খাজুৰি।
বেল নাৰিকেল তাল তাম্বূল পাকড়ি॥ ৭
আগৰ চন্দন পদ্ম সৰল সোণাৰু।
আনো যত তৰু তৃণ সৱে কল্পতৰু॥
ছয় ঋতু এককালে বসন্ত উদয়।
ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়॥ ৮
বহয় মলয়া বায়ু আমোদিত মন।
নৃত্য গীত কৰে তৈত অপেসৰাগণ॥
হৰি-গুণ-গীত গাৱে গন্ধৰ্ব্ব কিন্নৰে।
পাপ দূৰ হোক হৰি বোলা নিৰন্তৰে॥ ৯
৭॥ লেবু—লেমু, লেম্বু। কল—ফল।
৮॥ আগৰ—অগৰু, অগুৰু।
৯॥ (সুন্দৰীৰ পাঠ)—
(বিষ্ণুপুৰ) মলয়া বতাস বৱে অতি সুললিত।
মদনে আকুল কৰে থিৰ নুই চিত্ত॥
হৰিগুণ•••••••••••••••• নিৰন্তৰে॥
(কেন্দুগুৰি) হৰি-গুণ গীত গাৱে গন্ধৰ্ব্ব কিম্নৰে॥
বিদ্যাধৰীসৱে তাত নৃত্য-গীত কৰে॥
কৃষ্ণৰ কিঙ্কৰ গীত ভণিলা শঙ্কৰে।
পাপ দূৰ হৌক হৰি বোলা নিৰন্তৰে॥