পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
খণ্ড ৭
কীৰ্ত্তন-ঘোষা

দ্বিতীয় কীৰ্ত্তন

ঘোষা ॥ ৰাম দামোদৰ হৰে।
সেৱকে কাতৰ কৰে॥ ২

পদ॥ বনৰ সিটো বিতোপন নাম।
 কহিলো যাহাৰ নাহি উপাম॥
 তাহাৰ মাজে সৰোবৰ এক।
 সাগৰ-সঙ্কাশ দেখি প্ৰত্যেক॥১০

 সুৱৰ্ণময় পদ্ম আছে জুড়ি।
 ভ্ৰমৰে মধু পিয়ে তাতে পৰি॥
 ৰাজহংস আদি যতেক পক্ষী।
 পড়ি পড়ি থাকে নযায় উপেক্ষি॥ ১১

 কুমুদ সিন্ধু উতপল ফুল।
 ফুলি আছে গন্ধে নাহিকে তুল॥
 চৌভিতি বেড়ি আছে উপবনে।
 কহিবে নাম তাৰ কোন জনে॥ ১২
 কদম্ব ৰঘু নাগেশ্বৰ গাছে।
 ফুলে জকমক বেঢ়িয়া আছে॥


পা* ঘোষা ২ ॥ হৰে-হৰে প্ৰভু।
 পদ ১২ ॥ সিন্ধু -সিন্ধে, ইন্দু, সিদ্ধি।