পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘোখা [ খণ্ড ৭ ক্ষীৰ সাগৰৰ ঢউ চৌভিতি উথলে। পখালে পৰ্বত সুশীতল গন্ধ-জলে। থানে থানে আছে ভুমি অনেক উদ্যান। ফুলে জকমক গন্ধে নাহিকে সমান। ৪ নদী-নদ অশেষ বিশেষ সৰোব স্ফটিক-নিৰ্ম্মল জল দেখি মনোৰ। বিদ্যাধৰসৱে তাতে নামি কৰে স্নান। পখালে শৰীৰ বৰে সুগন্ধিত ঘ্ৰাণ॥ ৫ পৰম আমোদ গন্ধ উথলে সদায়। দশোদিশ জুৰি তাৰ বায়ু বহি যায়। দেখি সুশোভন তৰু যত উপবনে। যাত নিতে ক্ৰীড়ে দেৱ দিব্য নাৰীগণে॥ ৬ শাল তাল তমাল মন্দাৰ পাৰিজাত। চম্পক অশোক আনো পুষ্প অসংখ্যাত। 81 গন্ধ-জলে-দুগ্ধ-স্বলে। ৫ | ফটিক-নিৰ্মল-ফটিক-ধৱল। সুগন্ধি ঘ্ৰাণচন্দন সুঘ্ৰাণ। আমোদ-মুমষ্ট, অশোদ। [ দেৱীসজ্জনামোৰসৌৰম্ভনিলৈযুতঃ —ভাগৱত ৮২৮ গুৰু যতবৰুণৰ। [ বৰুণ মহাত্মনঃ উদ্যানতুমন্নাম-ভাগৱত ৮২৯