পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১] গজেন্ট্ৰোপাখ্যান >09 . আম জাম লেবু জৰা জামীৰ খাজুৰি। বেল নাৰিকেল তাল তাল পাকড়ি। ৭ আগৰ চন্দন প স সোণাৰু। আনো যত তৰু তৃণ সৱে কল্পতৰু। ছয় ঋতু এককালে বসন্ত উদয়। ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়। ৮ বহয় মলয়া বায়ু আমোদিত মন। নৃত্য গীত কৰে তৈত অপেৰাগণ। হৰি-গুণ-গীত গাৱে গন্ধৰ্ব কিৰে। পাপ দূৰ হোক হৰি বোলা নিৰন্তৰে॥ ৯ ৭। লেবুলেমু, লেম্বু। কলফল। ৮ || আগৰ-অগৰু, অগুৰু। ৯ (সুন্দৰীৰ পাঠ — (বিষ্ণুপুৰ) মলয়া বতাস যৱে অতি সুললিত। মদনে আকুল কৰে থিৰ সুই চিত্ত। হবিগুণ••••• নিৰন্তৰে। (কেন্দুগুৰি হৰি-গুণ গীত গাৱে গন্ধৰ্ব কিম্নৰে। বিদ্যাধৰীসৱে তাত নৃত্য-গীত কৰে। কৃষ্ণৰ কিঙ্কৰ গীত ভণিলা শঙ্কৰে। পাপ দূৰ হৌক হৰি বোল। নিৰস্তুৰে।