পৃষ্ঠা:Kirtan Ghosha.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম খণ্ড
গজেন্দ্ৰোপাখ্যান
প্ৰথম কীৰ্ত্তন

ঘোষা॥ ৰাম ৰাম ৰাম
 হৰি ৰাম ৰাম॥১
পদ॥ ৰাজাক সাদৰি মুনি বুলিলা বচন।
 শুনা পৰীক্ষিত পাণ্ডু-কুলৰ নন্দন॥
 পৰম মধুৰ মাধৱৰ গুণচয়।
 শুনা সাৱধানে হৌক পাপৰ প্ৰলয়॥ ১
 ক্ষীৰ সাগৰৰ মাজে ত্ৰিকুট পৰ্ব্বত।
 প্ৰকাশন্তে আছে তিনি লোকত বেকত॥
 সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ।
 চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ॥২
 আনো সৱ শৃঙ্গ ৰত্নে কৰে তিৰিমিৰি।
 দশোদিশ প্ৰকাশিয়া শোভে শুক্ল গিৰি॥
 অযুত যোজন জুড়ি আছে গিৰিবৰ।
 উচ্ছ্ৰিত দেখিয় দশ হাজাৰ প্ৰহৰ॥ ৩