পৃষ্ঠা:Kirtan Ghosha.pdf/১৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্ৰাস।
অপ্ৰয়াসে ছিণ্ডে সংসাৰৰ কৰ্ম্ম-পাশ॥ ২৫৪

শুনা সৰ্ব্বজন কহে কৃষ্ণৰ কিঙ্কৰে।
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে॥
বৈকুণ্ঠক যাইবা যেৱে সংসাৰক তৰি।
নিৰন্তৰে ডাকি ঘুষিয়োক হৰি হৰি॥ ২৫৫

জয় জয় নাৰায়ণ সংসাৰকাৰণ।
যোগীগণে সেৱা কৰে যাহাৰ চৰণ॥
যাহাৰ মায়াৰ গতি নজানন্ত কেৱ।
হেন হৰি-চৰণে কৰিলো মঞি সেৱ॥ ২৫৬

হৰি-পদ যুগল ধৰিয়া এক মনে।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়োক সৰ্ব্ব জনে॥
হেন জানিয়োক হৰি-চৰণেসে গতি।
প্ৰহ্ৰাদ-চৰিত্ৰ এহিমানে সমাপতি॥ ২৫৭

প্ৰহ্ৰাদ-চৰিত্ৰ সমাপ্ত॥ ১৬॥