পৃষ্ঠা:Kirtan Ghosha.pdf/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গজেন্ট্ৰোপাখ্যান প্ৰথম কীৰ্তন ঘোষা। ৰাম ৰাম ৰাম হৰি ৰাম ৰাম | ১ ৰাজাক সাদৰি মুনি বুলিলা বচন। শুনা পৰীক্ষিত পাণ্ডু-কুলৰ নন্দন। পৰম মধুৰ মাধৱৰ গুণচয়। শুনা সাৱধানে হোক পাপৰ প্ৰলয়॥ ১ ক্ষীৰ সাগৰৰ মাজে ত্ৰিকুট পৰ্বত। প্ৰকাশন্তে আছে তিনি লোকত বেকত। সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ। চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ। ২ আনো সৱ শৃঙ্গ ৰত্নে কৰে তিৰিমিৰি। দশোদিশ প্ৰকাশিয়া শোভে শুক্ল গিৰি। অযুত যোজন জুড়ি আছে গিৰিবৰ। উচ্ছিত ত দেখিয় দশ হাজাৰ প্ৰহৰ॥ ৩