এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা
ভৱ-বৈতৰণী- মাজে মজিলোহো
নেড়ে মোক শোক-ভয়।
তোমাৰ চৰণে শৰণ পশিলো
কৃপা কৰা কৃপাময়॥ ২৩০
আৰু বহুবিধ তুতি কৰি আগে
প্ৰহ্ৰাদ পড়িয়া আছে।
ভৈলন্ত প্ৰসন্ন ক্ৰোধ-ভাৱ এড়ি
হৰি হাসিলন্ত পাছে॥
প্ৰহ্ৰাদক চাই আনন্দে বোলন্ত
তিনিও লোকৰ স্বামী।
বোলা হৰি হৰি সংসাৰক তৰি
হুয়োক বৈকুণ্ঠ-গামী॥ ১২৩
একবিংশ কীৰ্ত্তন
ঘোষা॥ স্বামী ৰাম নেৰো আৰো চৰণ তোমাৰ।
দূৰ কৰা সংসাৰ-নিকাৰ॥ ২১
পদ॥ বোলন্ত প্ৰহ্ৰাদ উঠ উঠ।
তোৰ ভক্তি ভৈলো মহা তুষ্ট॥