পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
১২৩
প্ৰহ্ৰাদ-চৰিত্ৰ


তোমাৰ চৰণ- ছত্ৰৰ ছাঁয়াক
 কৈসানিনো দিবা মোক।
কহিয়ো উপায়  কিমতে এড়াঞো
 নিদাৰুণ দুঃখ-শোক॥ ২২৮

তযু হস্ত-পদ্ম শিৰে দিলা মোৰ
 কি ভৈল মহা-আহ্লাদ।
ব্ৰহ্মা হৰ লক্ষ্মী দেৱীও নপান্ত
 তেসম্বো হেন প্ৰসাদ॥

সমস্তে ভূতৰে তুমিসি আতমা
 হৃদয়-পৰম-গুৰু।
তথাপি সেৱাৰ অনুসাৰে কৃপা
 কৰা যেন কল্পতৰু॥ ২২৯

কিমতে ভকতি  কৰো পাঞ্চেন্দ্ৰিয়ে
 পাঞ্চদিকি লাগি ধৰে।
যেন গৃহস্থক অনেক সপত্নী-
 সকলে আকুল কৰে॥


পা ২৩০॥ পাঞ্চেন্দ্ৰিয়ে - পাঞ্চ ইন্দ্ৰি-
 পাঞ্চদিকি-পাঞ্চদিগি