এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
১২৩
প্ৰহ্ৰাদ-চৰিত্ৰ
তোমাৰ চৰণ- ছত্ৰৰ ছাঁয়াক
কৈসানিনো দিবা মোক।
কহিয়ো উপায় কিমতে এড়াঞো
নিদাৰুণ দুঃখ-শোক॥ ২২৮
তযু হস্ত-পদ্ম শিৰে দিলা মোৰ
কি ভৈল মহা-আহ্লাদ।
ব্ৰহ্মা হৰ লক্ষ্মী দেৱীও নপান্ত
তেসম্বো হেন প্ৰসাদ॥
সমস্তে ভূতৰে তুমিসি আতমা
হৃদয়-পৰম-গুৰু।
তথাপি সেৱাৰ অনুসাৰে কৃপা
কৰা যেন কল্পতৰু॥ ২২৯
কিমতে ভকতি কৰো পাঞ্চেন্দ্ৰিয়ে
পাঞ্চদিকি লাগি ধৰে।
যেন গৃহস্থক অনেক সপত্নী-
সকলে আকুল কৰে॥
পা ২৩০॥ পাঞ্চেন্দ্ৰিয়ে - পাঞ্চ ইন্দ্ৰি-
পাঞ্চদিকি-পাঞ্চদিগি