পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


সিটো মহাগৰ্ব্বী বিপ্ৰে আপুনাক
 পৱিত্ৰ কৰিবে নাৰে।
ভকত চাণ্ডালে  আপুনাকো তাৰে
 পুৰুষ কোটি উদ্ধাৰে॥ ২২৬

তুমি জগজীৱ  তোমাক পূজিলে
 মিলে আপুনাতে যাই।
যেন মুখ-শ্ৰীক প্ৰতিবিম্ব মুখে
 দেখিয় দৰ্পণ চাই॥

হেন জানি মঞি মতি অনুসাৰে
 ভজিলো তোমাৰ পাৱ।
ব্ৰহ্মা আদি দেব- গণ ডৰে মৰে
 এড়িয়ো ক্ৰুদ্ধ স্বভাৱ॥ ২২৭

ভয়ঙ্কৰ কোপ দেখিয়া তোমাৰ
 প্ৰভু মোৰ ভয় নাই।
সংসাৰ-চক্ৰৰ নিকাৰ দেখিয়া
 সদায় ধাতু উড়াই॥


প" ২২৬॥ পুৰুষ কোটি-সমস্তে কুল, পুৰুষ সৱে

(পুনাতি স কুলৰ-ভাগৱত ৭। ৯।১০