এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা
সিটো মহাগৰ্ব্বী বিপ্ৰে আপুনাক
পৱিত্ৰ কৰিবে নাৰে।
ভকত চাণ্ডালে আপুনাকো তাৰে
পুৰুষ কোটি উদ্ধাৰে॥ ২২৬
তুমি জগজীৱ তোমাক পূজিলে
মিলে আপুনাতে যাই।
যেন মুখ-শ্ৰীক প্ৰতিবিম্ব মুখে
দেখিয় দৰ্পণ চাই॥
হেন জানি মঞি মতি অনুসাৰে
ভজিলো তোমাৰ পাৱ।
ব্ৰহ্মা আদি দেব- গণ ডৰে মৰে
এড়িয়ো ক্ৰুদ্ধ স্বভাৱ॥ ২২৭
ভয়ঙ্কৰ কোপ দেখিয়া তোমাৰ
প্ৰভু মোৰ ভয় নাই।
সংসাৰ-চক্ৰৰ নিকাৰ দেখিয়া
সদায় ধাতু উড়াই॥
প" ২২৬॥ পুৰুষ কোটি-সমস্তে কুল, পুৰুষ সৱে
(পুনাতি স কুলৰ-ভাগৱত ৭। ৯।১০