পৃষ্ঠা:Kirtan Ghosha.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
১২১
প্ৰহ্ৰাদ-চৰিত্ৰ


হৰিষে লোতক স্ৰৱে প্ৰহ্ৰাদৰ
 চৰণ চিন্তিয়া আছে।
যুড়ি দুয়ো হাত গদগদ মাতে
 তুতি কৰিলন্ত পাছে॥ ২২৪

ব্ৰহ্মা সিদ্ধ মুনি  আজিও নজানে
 পূজিবে তোমাৰ পাৱ।
কিবা তুতি-নতি  কৰিবোহো আমি
 অসুৰ ক্ৰূৰ - স্বভাৱ॥

ধন-জন-তপ প্ৰভাৱে তোমাক
 আৰাধিবে শক্য নাই।
গজেন্দ্ৰে কেৱলে  ভকতি কৰিলে
 পৰম আপদ পাই॥ ২২৫

যিটো চাণ্ডালৰ কায় বাক্য মনে
 সদায়ে সুমৰে হৰি।
আছে বাহ্ৰ ব্ৰত  যিটো ব্ৰাহ্মণৰ
 সিসি শ্ৰেষ্ঠ তাতো কৰি॥


পা ২২৫ ॥ শক্য় - শক্ষা