পৃষ্ঠা:Kirtan Ghosha.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


বিংশ কীৰ্ত্তন

ঘোষা॥ ওহৰি ৰাম নাৰায়ণ  যাদৱানন্দ
 দূৰ কৰা মোৰ মায়া।
 বিষয়-ব্যাধিৰ  ঔষধি মাগো
 ভকতি-অমিয়া॥ ২০


পদ॥ ব্ৰহ্মাৰ বচন  সাদৰি প্ৰহ্ৰাদে
 ধীৰে ধীৰে গৈলা চলি।
 ভূমিত পড়িয়া  আছন্ত প্ৰহ্ৰাদ
 শিৰে ধৰি কৃতাঞ্জলি॥

 পাৱত পড়িয়া  আছয় প্ৰহ্ৰাদ
 দেখি নৰসিংহে হাসি।
 স্নেহত স্ৰৱয়  নয়নৰ নীৰ
 তুলিলা হাতে উল্লাসি॥ ২২৩

 হস্ত-পদ্মে তাৰ  পৰশিল শিৰ
 পৰম নিৰ্ভয় দিয়া।
 দেখি প্ৰহ্ৰাদৰ  তনু লোমাঞ্চিত
 আনন্দে দ্ৰৱিল হিয়া॥