পৃষ্ঠা:Kirtan Ghosha.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯]
[১১৯
প্ৰহ্লাদ-চৰিত্ৰ


তাকে নিষেধিলে দুষ্ট দানৱ দুৰ্ব্বাৰ।
তাক মাৰি ব্যাধি যেন গুচাইলা আমাৰ॥ ২১৮
পাৰিষদগণে বোলে চৰণে নমিলো।
তোমাৰ নৃসিংহ-ৰূপ আজিসে দেখিলো॥
তযু ভৃত্য ভৈল ইটো দৈত্য শাপ পায়া।
নমাৰিলা প্ৰভু আক কৰিলাহা দায়া॥ ২১৯
এহিমতে আনো দেৱে কৰিলন্ত তুতি।
যুধিষ্ঠিৰ ৰাজাত নাৰদ নিগদতি॥
তথাপি নুগুচে নৃসিংহৰ মহাক্ৰোধ।
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্ৰবোধ॥ ২২০
স্বামীৰ গুচায়ো ক্ৰোধ জগতৰ মাৱ।
শুনি লক্ষ্মী দেৱী উঠি চালিলন্ত গাৱ॥
নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি।
ডৰে উলটিলা দেৱী মুদি দুয়ো আখি॥ ২২১
পাছে প্ৰহ্ৰাদক ব্ৰহ্মা লগাইলন্ত মাত।
নৃসিংহৰ কোপ বাপ কৰা উপশান্ত॥
পৰম ভকত তঞি হিৰণ্য-তনয়।
বোলা হৰি হৰি হোক পাপৰ প্ৰলয়॥ ২২২