এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা
দিগগজগণক আদেশ কৰিল
দিগগজো ভিৰিল দান্তে।
জলত ডুবায়া উপৰে পৰ্ব্বত
পেহ্লায়া কতোহো ঝান্তে॥ ১৩১
মহা সৰ্পৰ্গণে বেঢ়িয়া দংশয়
তাৰ দান্ত গৈল ভাগি।
পৰ্ব্বত-শিখৰে তুলিয়া কতোহো
পেহলাৱে মাটিক লাগি॥
গাঁত খানি কতো পোতে প্ৰহ্লাদক
কৰাৱে বিষক পান।
হাতে-গলে বান্ধি অগ্নিত পেহ্লাৱে
তথাপি নচাড়ে প্ৰাণ॥ ১৩২
বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্লাদে
আছন্ত নিৰ্ভয়ভাৱে।
দেখি দৈত্যপতি মনত চিন্তয়
শ্ৰুতি নাই তাৰ গাৱে॥