এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীৰ্থ-ঘোষ
[ ও ৬
দিগজগণক
আদেশ কৰিল
দিগজো ভিৰিল দান্তে।
জলত ডুবায়া
উপৰে পৰ্বত
পোয়া কতোহো ঝান্তে। ১৩১
মহা সৰ্পৰ্গণে
বেঢ়িয়া দংশয়
তাৰ দান্ত গৈল ভাগি।
পৰ্বতশিখৰে
তুলিয়া কততাহে
পেহলাৱে মাটিক লাগি।
গত খানি কতো
পোতে প্ৰাদক
কৰাৱে বিষক পান।
হাতে-গলে বান্ধি অগ্নিত পেহলাৱে
তথাপি নচাড়ে প্ৰাণ॥ ১৩২
বিষ্ণুৰ চৰণ
চিন্তিয়া প্ৰাদে
আছত্ত নিৰ্ভয়ভাৱে।
দেখি দৈত্যপতি
মনত চিন্তয়
শ্ৰুতি নাই তাৰ গায়ে।