পৃষ্ঠা:Kirtan Ghosha.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২
৯৭
প্ৰহ্লাদ-চৰিত্ৰ


ৰাক্ষসগণক  ক্ৰোধে আদেশয়
 মাৰ পাপিষ্ঠক বেড়ি।
ভ্ৰাতৃ-বৈৰী বিষ্ণু  তাকেসে সেবয়
 আমাত সৌহৃদ্য এড়ি॥ ১২৯
প্ৰচণ্ড আদেশ  শুনিয়া আশেষ
 ৰাক্ষস উঠিল ৰাগি।
হাতে শূল ধৰি  খেখট কৰিয়া
 ধাইল প্ৰহ্লাদক লাগি॥
কাট মাৰ বুলি  বেঢ়িয়া সন্ধানে
 দিলেক শূলৰ ঝাক।
বিষ্ণুক সুমৰি  প্ৰাহ্লাদ কুমাৰে
 কটাক্ষো নকৰে তাক॥ ১৩০
ভোঠা হুয়া শূল  পৰিল উফৰি
 দেখি আছে সৰ্ব্বজনে।
হেন অদভুত  দেখি দৈত্য-পতি
 পৰম শঙ্কিত মনে॥


পা ১২৯॥ আমাত সৌহৃদ্য--আমাক সুহৃদ
 হিত্বা স্বান্ সুহৃদোহধমঃ--ভাগৱত ৭৷৫৷৩৫