হৰি হাসি বাংশী বায় বঙ্কিম নয়নে চায়
অৱয়ব
।। ৰাগঃ ধনশ্ৰী।। একতাল।।
ধ্ৰুং।। হৰি হাঁসি বাঁশী বায় বঙ্কিম নয়নে চায়।
শিথিল গমনে ধায়, ঝুৰয়ে নূপুৰ পায়।
পদ।। ৰূপে ভুৱন মোহে, গলে গজমতি লোহে।
অলক তিলক শোহে, বাছৰু চাৰিতে ৰোহে।।
ঈষত মধুৰ হাস, শোহে তনু পীতবাস।
কহয় মাধৱ দাস, ছোড় প্ৰভু মোহ পাশ।।