হৰিৰ বাংশীৰ ভাই শুনিয়ো কাৰণ
।। ৰাগঃ বৰাড়ী।। তালঃ যতি।।
ধ্ৰুং।। হৰিৰ বংশী ভাই শুনিয়ো কাৰণ।
যিহেতু বংশীৰ ৰৱে মোহে ত্ৰিভুবন।।
পদ।। নিজে বংশী ভৈলা মূল প্ৰকৃতি প্ৰথম।
সাত গুটি ৰন্ধ্ৰে সাত প্ৰকৃতি নিয়ম।।
হৰিৰ অধৰে ফুঙ্কে পুৰুষ-চৈতন্য।
জড়-বংশী প্ৰকৃতি কৰাৱে প্ৰৱৰ্ত্তন।।
কোমল আঙ্গুলিচয় ৰন্ধ্ৰমধ্যে চালি।
বহুৰসে বংশীটি বাজান্ত বনমালী।।
যিটো নিজ মায়া মোহি আছে চৰাচৰে।
এহি হেতু বংশী নিজ মায়া ভগৱন্ত।
ত্ৰিভুবন মোহি নিৰবধি বজাৱন্ত।।
মোহন বংশীৰ নিজ কৈলো প্ৰয়োজন।
কহয় মাধৱ মেৰি গতি নাৰায়ণ।।