হৰি হেৰোৰ বাপ পশিলো শৰণ
।। ৰাগঃ বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। হৰি হেৰৰে বাপ, পশিলোঁ শৰণে।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।।
পদ।। সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।।
সহস্ৰ-বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।।
আতুৰ ভৈলোহোঁ বৰ বিষয়-বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে।।
তোমাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনৰ নিজ তুমি সে জীৱন।।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।
কাতৰ কৰিয়া লৈলোঁ শৰণ তোমাৰ।।
কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।
কহয় মাধৱ হৰি দাসকু দাস।।