হৰি মোৰ এ দীনদয়াল
অৱয়ব
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। হৰি মোৰ এ দীন দয়াল।
কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল।।
পদ।। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা।
সোহি জন্মে জীৱৰ জনম দূৰ কৰা।।
সহজে অকৰ্তা কৰ্ম কৰা অপৰ্য্যন্ত।
সোহি কৰ্মে জীৱৰ কৰম কৰা অন্ত।।
তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই।
নিৰ্গুণ হোৱয় জীৱ সেহি গুণ গাই।।
কহয় মাধৱ মেৰি ওহি আশা মনে।
সহজ পীৰিতি মাগোঁ তোমাৰ চৰণে।।