হৰিপদ মোহোৰ পৰম ধন
অৱয়ব
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। হৰি পদ মোহোৰ পৰম ধন।
তাহে কমনে ৰহু বিছুৰি পামৰ মন।।
পদ।। হৰি-পদ পঙ্কজ ভৱ-ভয় ভঞ্জন ৰে।
ভকত জনৰ নিজ ধন মনৰঞ্জন ৰে।।
অভয় চৰণ দুহো সুৰাসুৰ বন্দন ৰে।
এ তিনি ভুৱনপতি গোপ নন্দ-নন্দন ৰে।।
অসাৰ সংসাৰ সব ধন জন জীৱন ৰে।
কহত মাধৱ দীন মন মেৰি নাৰায়ণ ৰে।।