পৃষ্ঠা:Swagatam Pariksha.pdf/৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৰীক্ষাৰ দিনাখন

 পৰীক্ষাৰ বাবে সাজু হোৱাৰ শেষ পৰ্যায়ত পৰীক্ষাও আহি ওচৰ চাপিব। কিন্তু পৰীক্ষাৰ দিনবোৰ কোনো অসাধাৰণ দিন বুলি ভাবি আতংকিত হ’ব নালাগে। অৱশ্যে সেই দিনবোৰৰ কৰ্তব্যখিনি সম্পূৰ্ণৰূপে ভাগ্যৰ ওপৰত এৰি দি হাত সাবটি বহি থাকিবও নালাগে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ সম্ভাব্য কাৰণসমূহ বিশ্লেষণ কৰিলেই এই অসুবিধা অনায়াসে দূৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ কাৰণ হ’ল কিছুমান অমূলক সম্ভাৱনা যে, তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠবোৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন নাহিব পাৰে, প্ৰস্তুত কৰা পাঠবোৰ মনত নপৰিব পাৰে, বেছি জটিল আৰু আওপকীয়া প্ৰশ্ন আহিব পাৰে, লিখাৰ বাবে সময়ৰ অভাৱ হ’ব পাৰে, প্ৰশ্নোত্তৰত ক্ৰম হেৰাই যাব পাৰে ইত্যাদি। কিন্তু এনেবোৰ সম্ভাৱনা দৰাচলতে অমূলক। সাধাৰণতে কোনো ক্ষেত্ৰতে নিষ্ঠাবান পৰীক্ষাৰ্থীৰ এনে নঘটে বা ঘটিলেও ই খুব কম পৰিমাণেহে পৰীক্ষাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। আগতে উল্লেখ কৰা অনুসৰি ধৈৰ্য, শৃংখলাবদ্ধতা আৰু অধ্যৱসায়েৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে কোনো কাৰণেই ছাত্ৰ-ছাত্ৰীসকলক আতংকিত কৰিব নোৱাৰে।

 গতিকে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে আতংকিত হৈ আগদিনা ৰাতি টোপনি ক্ষতি কৰাৰ কোনো প্ৰয়োজন নাই। বা বহু ৰাতিলৈ পঢ়াৰো কোনো আৱশ্যক নাই। স্বাভাৱিকভাৱেই টোপনি যাবলৈ যত্ন কৰিব লাগে। তদুপৰি পিছদিনাৰ পৰীক্ষাৰ বাবে আৱশ্যকীয় সঁজুলিবোৰৰ আগদিনা ৰাতিয়েই সাজু কৰি ৰাখিব লাগে। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰিব খোজা কলম দুটাত চিয়াঁহী ভৰাই কিছুসময় লিখি চাই থৈ দিব লাগে আৰু পৰীক্ষাৰ প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড, লগ তালিকা, গণকযন্ত্ৰ বা কেলকুলেটৰ, স্কেল, কাঠ পেঞ্চিল, ৰবৰ, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ ইত্যাদি সাজু কৰি ৰাখিব লাগে।

 পৰীক্ষাৰ্থীসকলে মনত ৰাখিব লাগিব যে, পৰীক্ষাৰ দিনা ৰাতিপুৱাও পৰীক্ষা থকা বিষয়ৰ টোকাবোৰ চকু ফুৰাই যাবই লাগিব।

 পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীসকল এনেভাৱে সাজু হ’ব লাগে যাতে পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগতে তেওঁলোকে পৰীক্ষাগৃহত উপস্থিত হ’ব পাৰে।

পৰীক্ষাগৃহত তেওঁলোকে পোনতে নিজৰ নিজৰ বহা আসন বিচাৰি উলিয়াই ল’ব

৫০